আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে! Fuel Switchৰ ব্যৱহাৰত ভুল হৈছিল! The shocking facts of the cursed plane crash in Ahmedabad have come to light
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : Air India Plane Crash Reason - আহমেদাবাদত সংঘটিত হোৱা অভিশপ্ত বিমান দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ বিমানখনৰ ইঞ্জিন ফিউৱেল কণ্ট্ৰল ছুইচৰ গতিবিধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।‘দ্য এয়াৰ কাৰেণ্ট’ৰ এক প্ৰতিবেদন অনুসৰি এই সম্ভাৱনা উৰণ আৰু ভইচ ডাটা ৰেকৰ্ডাৰৰ বিশ্লেষণৰ পৰা এই তথ্য পোহৰলৈ আহিছে।
বিমান উদ্যোগৰ বিশেষজ্ঞসকলৰ মতে, বিমানখনৰ ককপিটত থকা ইন্ধন নিয়ন্ত্ৰণ ছুইচৰ অস্বাভাৱিক কাৰ্যকলাপে হয়তো এই দুৰ্ঘটনাৰ এটা কাৰণ হ'ব পাৰে। এই ছুইচটোৰ দুটা অৱস্থান থাকে - ‘ৰান’ আৰু ‘কাট-অফ’। এইবোৰ সাধাৰণতে ভূমি পৃষ্ঠত ইঞ্জিন ষ্টাৰ্ট বা বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
কিন্তু আকাশত ইঞ্জিন বিকল হ’লে এই ছুইচটোৰ সহায়ত ইঞ্জিনটো হাতেৰে বন্ধ বা পুনৰ আৰম্ভ কৰিব পাৰি। কিন্তু মাজ আকাশত উৰি থকা সময়ত ছুইচটো ‘ৰাণ’ৰ পৰা ‘কাট অফ’লৈ স্থানান্তৰিত হ’লে সংশ্লিষ্ট ইঞ্জিনলৈ ইন্ধনৰ যোগান বন্ধ হৈ যায় আৰু লগে লগে ইঞ্জিনটো বন্ধ হৈ যায়।
এই ইঞ্জিনটো বন্ধ হ’লে কেৱল থ্ৰাষ্ট বন্ধ নহয়, ইঞ্জিনৰ পৰা শক্তি যোগান ধৰা জেনেৰেটৰবোৰো বন্ধ হৈ যায়। ইয়াৰ ফলত বিমানখনৰ বহু ছিষ্টেম আৰু ককপিটৰ ডিছপ্লে অকাৰ্যক্ষম হৈ পৰে অৰ্থাৎ বিকল হৈ পৰে।
বিমানখনৰ থ্ৰ’টলৰ তলত অৱস্থিত ইন্ধন নিয়ন্ত্ৰণ মডিউলত এই দুটা ছুইচ থাকে, যিবোৰক আকস্মিকভাৱে চলাচল ৰোধ কৰিবলৈ দুয়োফালে ধাতুৰ গাৰ্ডৰ দ্বাৰা সুৰক্ষিত কৰা ৰখা হয়। প্ৰতিটো ছুইচত এটা ধাতুৰ ষ্টপ লকৰ ব্যৱস্থা থাকে, যাতে পাইলটে ছুইচটো টিপি ইয়াক আঁতৰাব পাৰি।
যদি কোনো ইঞ্জিনত হঠাৎ জুই লাগে, তেন্তে সেই ইঞ্জিনৰ ইন্ধন নিয়ন্ত্ৰণ ছুইচটো ৰঙা হৈ জ্বলি উঠে। ই পাইলটসকলৰ বাবে এক গুৰুত্বপূৰ্ণ দৃশ্যমান সংকেত হিচাপে কাম কৰে।
বিশেষ সূত্ৰই জনোৱা মতে, বিমানখনৰ ব্লেক বক্সৰ পৰা পোৱা তথ্যৰ ভিত্তিত এতিয়াও নিশ্চিতভাৱে কোৱা সম্ভৱ নহয় যে এই ছুইচটো অনিচ্ছাকৃতভাৱে, ভুলবশতঃ বা ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰা হৈছিল। দুৰ্ঘটনাৰ পূৰ্বে ইঞ্জিনৰ থ্ৰাষ্ট কমিছিল নে নাই সেয়াও এতিয়াও নিশ্চিত কৰিব পৰা নাই।
আমেৰিকাৰ বিমান সুৰক্ষা বিশেষজ্ঞ জন কক্সে কয় যে এই চুইচবোৰ এনেদৰে ডিজাইন কৰা হৈছে যে ভুলবশতঃ টিপিব বা ঠেলিব নোৱাৰি। তেওঁ লগতে কয় যে যদি এই ছুইচটো বন্ধ কৰা হয় তেন্তে ইয়াৰ প্ৰভাৱ প্ৰায় তৎক্ষণাত হ’ব-ইঞ্জিনৰ শক্তি সম্পূৰ্ণৰূপে বন্ধ হৈ যাব।
ৰয়টাৰ্ছৰ এক সূত্ৰ অনুসৰি তদন্তত এতিয়ালৈকে বয়িং ৭৮৭ বিমানখনৰ যান্ত্ৰিক বিজুতিৰ কোনো প্ৰাৰম্ভিক প্ৰমাণ পোৱা নাই। লণ্ডন অভিমুখী ড্ৰিমলাইনাৰে আহমেদাবাদৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে ৬৫০ ফুট উচ্চতাৰ পৰা দ্ৰুতগতিত নামিবলৈ আৰম্ভ কৰিছিল আৰু লগে লগে দুৰ্ঘটনাগ্ৰস্ত পতিত হৈছিল। বিমানখনত থকা ২৪২গৰাকী যাত্ৰীৰ ভিতৰত ২৪১ গৰাকী অনবৰ্ডিং যাত্ৰীৰ লগতে মাটিত থকা আন বহু কেইবাগৰাকী লোক নিহত হৈছিল।
লগতে পঢ়ক -
0 Comments